ইহৰাম
ইহৰাম হৈছে- নুছুকে হজ্ব বা উমৰাত প্ৰৱেশৰ নিয়ত।
ইহৰামৰ ছুন্নত তৰিকা হৈছে- ফৰজ গুছলৰ দৰে গুছল কৰিব, মোৰ বা দাঁড়িত মিছক বা আন যিকোনো সুগন্ধি ব্যৱহাৰ কৰিব। সুগন্ধিৰ
আলামত বা চিহ্ন যদি ইহৰাম কৰাৰ পিছতো থাকি যায় তাত কোনো অসুবিধা নাই।
যিহেতু ছহিহ বুখাৰী আৰু ছহিহ মুছলিমত আইশ্বা ৰাদিআল্লাহু আনহাৰ পৰা বৰ্ণিত
আছে যে- নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া ইহৰাম কৰিছিল তেতিয়া নিজৰ
ওচৰত থকা আটাইতকৈ ভাল সুগন্ধিটো ব্যৱহাৰ কৰিছিল। ইহৰাম কৰাৰ পিছত মই
তেখেতৰ মোৰ আৰু দাঁড়িত সেই সুগন্ধিৰ চিহ্ন দেখিবলৈ পাইছিলো।[ছহীহ বুখাৰী
(২৭১) আৰু ছহীহ মুছলিম (১১৯০)] নৰ-নাৰী উভয়ৰ ক্ষেত্ৰত ইহৰামৰ বাবে গুছল কৰা
ছুন্নত। আনকি হায়েয আৰু নিফাছগ্ৰস্থ নাৰী সকলৰ ক্ষেত্ৰতো। কিয়নো আছমা
বিনতে উমাইছ ৰাদিআল্লাহু আনহা নিফাছগ্ৰস্ত আছিল। নবী ছাল্লাল্লাহু আলাইহি
অছাল্লাম তাইক ইহৰামৰ বাবে গুছল কৰাৰ আৰু তেজ প্ৰবাহৰ স্থানত এটা কাপোৰ দি
বান্ধিলৈ ইহৰাম কৰাৰ নিৰ্দেশ দিছিল।[ছহীহ মুছলিম (১২০৯)]
গুছল আৰু সুগন্ধি ব্যৱহাৰ কৰাৰ পিছত ইহৰামৰ কাপোৰ পৰিধান কৰিব। ইয়াৰ পিছত
ফৰজ নামাজৰ ওৱাক্ত হলে ফৰজ নামাজ আদায় কৰিব। ফৰজ নামাজৰ ওৱাক্ত নহলে অজুৰ
ছুন্নত হিচাপে দুই ৰাকাত নামাজ আদায় কৰিব। নামাজৰ পিছত কিবলামুখি হৈ ইহৰাম
বান্ধিব। ইচ্ছা কৰিলে বাহনত (গাড়ীত) উঠি যাত্রা কালত ইহৰাম কৰিব পাৰে।
কিন্তু মীকাত এৰাৰ আগতে ইহৰাম কৰিব লাগিব। তাৰ পিছত কব:
ل بَّيْكَ اللَّهُمَّ بِعُمْرَةٍ
লাব্বাইকাল্লাহুম্মা বি উমৰাতিন (অৰ্থ- হে আল্লাহ! উমৰাকাৰী হিচাপে আপোনাৰ দৰবাৰত উপস্থিত)। তাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অচাল্লাম যেনেকৈ তালবিয়া পঢ়িছিল তেনেকৈ তালবিয়া পঢ়িব। সেই তালবিয়া হৈছে-
ل بَّيْكَ اللَّهُمَّ لَبَّيْكَ ، لَبَّيْكَ لا شَرِيكَ لَكَ لَبَّيْكَ ، إِنَّ الْحَمْدَ وَالنِّعْمَةَ لَكَ وَالْمُلْكَ لا شَرِيكَ لَكَ
লাব্বাইকাল্লাহুম্মা লাব্বাইক। লাব্বাইকা লা শ্বাৰিকা লাকা লাব্বাইক। ইন্নাল হামদা অন নি’মাতা লাকা অল মুলক। লা শ্বৰিকা লাক।
পুৰুষ সকলে উচ্চস্বৰে তালবিয়া পঢ়িব। দলীল হৈছে- নবী চাল্লাল্লাহু আলাইহি অচাল্লামৰ বাণী: জিব্রাইল আহি মোক নিৰ্দেশ দিছে মই যেন মোৰ চাহাবী সকলক আৰু মোৰ সঙ্গি সকলক উচ্চস্বৰে তালবিয়া পঢ়াৰ আদেশ দিওঁ।[ছহীহ আবু দাউদ গ্রন্থত (১৫৯৯) আলবানীয়ে হাদিছটোক ছহীহ বুলি কৈছে]
আৰু নাৰী সকলে ইমান জোৰে তালবিয়া পঢ়িব যাতে ওচৰৰ মানুহে শুনা পায়। কিন্তু ওচৰত যদি কোনো অপৰ পুৰুষ থাকে তেনেহলে মনে মনে তালবিয়া পঢ়িব।

No comments:
Post a Comment